Chapter 11

আমাৰ ছাৰ – যোগেশ দাস

পাঠ: ১১

চুটি গল্প

চমু প্ৰশ্ন

১) ‘আমাৰ ছাৰ’ গল্পটোত ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্কটো লেখক কেনেদৰে দাঙি ধৰিছে , লিখা ।

উত্তৰঃ- ‘আমাৰ ছাৰ’  নামৰ গল্পটিত লেখক যোগেশ দাসে তেওঁ আৰু তেওঁৰ লগৰ অন্যান্য কেইজনমান ছাত্ৰ তেওঁলোকৰ ছাৰ ধৰণীধৰ বৰুৱাৰ লগত কেনে সম্পৰ্ক আছিল তাৰ এটি সুন্দৰ চিত্ৰ দাঙি ধৰিছে । লেখকে তেওঁলোক ছাত্ৰৱস্থাৰ থাকোঁতে তেতিয়াও শিক্ষকতা কৰি থকা ছাৰ জনৰ লগত থকা সম্পৰ্ক আৰু বৰ্তমান তেওঁলোক ঘৰ শংসাৰী হৈ নিজৰ চাকৰি ব্যৱসায় আদিত ব্যস্ত হৈ থাকিও অৱসৰপ্ৰাপ্ত সেইজন শিক্ষকৰ লগত ৰক্ষিত সম্পৰ্কৰ কথাও সবিস্তাৰে প্ৰকাশ কৰিছে ।

ছাত্ৰৱস্থাত থাকোতে এইজন শিক্ষকক তেওঁলোকে অতি ভয় কৰিছিল । কাৰণ শিক্ষকজন অতি খঙাল বুলি তেওঁলোকে জানিছিল । শিক্ষকজন স্কুলৰ বাহিৰে ভিতৰে সকলো সময়তে শিক্ষকেই আছিল । ছাত্ৰৰ লগত তেওঁৰ সম্পৰ্ক এজন আদৰ্শ আৰু প্ৰকৃত শিক্ষক হিচাপে । ছাত্ৰয়ো তেওঁক অতি ভয় কৰিছিল যদিও , ছাত্ৰৰ দুষ্টমী আৰু ঠিকমতে পঢ়া – শুনা নকৰাৰ কাৰণে , ঘৰত কৰি আনিব দিয়া ঠিক মতে ননাৰ কাৰণে , বিদ্যালয়ত অনাহকত অনুপস্থিত থকা , বিদ্যালয়ৰ পৰা পলাই যোৱা আদি কাৰ্যত শিক্ষকজনে কঠোৰ শাস্তি দিছিল যদিও তেওঁ ছাত্ৰক প্ৰয়োজনীয় শিক্ষাদানত অকণো কাৰ্পণ্য কৰা নাছিল , আনকি ছাত্ৰৰ ঘৰলৈ প্ৰায়ে গৈ অংক আৰু ইংৰাজী শিক্ষাই সহায় কৰি দিছিল । ছাত্ৰসকলেও শাস্তিৰ কাৰণে শিক্ষকজনক মনে মনে বৰ বেয়া পাইছিল যদিও শিক্ষকজনক কোনোবাই বেয়াকৈ কলে বা অপমান কৰিব খুজিলে ছাত্ৰসকলে তাৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল । শিক্ষকজনে ছাত্ৰসকলক নিজৰ সন্তানৰ দৰে ‘তই’ সম্বোধন কৰিছিল আৰু সতেত ছাত্ৰসকলৰ লগত জড়িত হৈ তেওঁলোকক সৎ মানুহ হিচাপে গঢ়াৰ চেষ্টা অব্যাহত ৰাখিছিল । ছাত্ৰসকলে শিক্ষকজন অতি খঙাল , তেওঁ কঠোৰ শাস্তি দিয়ে এই কথা জানিও তেওঁক খং তোলাবলৈকেই তেওঁলোকে অনেক অকথাও কৰিছিল । এয়া কেৱল শিক্ষক ছাত্ৰৰ মধুৰ সম্পৰ্কৰ কাৰণেহে সম্ভৱ হৈছিল ।

আনহাতে সেই ছাত্ৰসকল বৰ্তমান ঘৰ সংসাৰী হৈ চাকৰি বাকৰি , লৰা ছোৱালী , তিৰোতা আদিত ব্যস্ত থাকিলেও আৰু সেই শিক্ষকজন বৰ্তমানে অৱসৰ পালেও তেওঁলোকৰ মাজত আগৰ সেই শিক্ষক ছাত্ৰৰ সম্পৰ্কই অটুত আছে । ছাত্ৰসকলে আগৰ দৰে শিক্ষকজনক ভয় নকৰিলেও ভয় কৰা যেন দেখুৱায় , প্ৰকৃত ভয়তকৈ প্ৰকৃত শ্ৰদ্ধা ভক্তি কৰে , একান্ত বাধ্য ছাত্ৰৰ দৰে তেওঁৰ কথা আখৰে আখৰে মানিবলৈ চেষ্টা কৰে , প্ৰকৃত গুৰুৰ প্ৰতি কৰিব লগা সন্মান আৰু পৰিচৰ্যা , সহায় আদি কৰে । 

শিক্ষকজনেও তেওঁলোকক তাহানিৰ ছাত্ৰৰ দৰে দেখে । শিক্ষক জনে নিজেই কৈছে  – ‘মই জানো তহঁতক তাহানিখনৰ দৰেই দেখি থকা নাই ?’ শিক্ষক ছাত্ৰৰ কি এক মধুৰ সম্পৰ্ক ! বিয়াঘৰত আটায়ে আগুৰি ধৰি  ‘ছাৰ’ক লৈয়েই ব্যস্ত , কত কথা , কত খোচামমতি, আপডাল ? আনহাতে ছাৰেও তেওঁলোকৰ কথাত , আপডালৰ আতিশযত অতিষ্ঠ হোৱা যেন দেখুৱাই কত দাবি ধমকনি ! এনে মধুৰ আৰু আন্তৰিক সম্পৰ্ক খুব কম শিক্ষক ছাত্ৰৰ মাজতহে দেখা যায় । 

এই সম্পৰ্কত শিক্ষকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা তথা ঋণী মনোভাব সুন্দৰভাৱে প্ৰকট হৈ পৰিছে । ছাত্ৰ এজনৰ ছোৱালীৰ ঘৰত তদাৰক কৰা , ছোৱালীজনীক সোণৰ আঙুঠি পিন্ধাই দিয়াৰ উপৰিও দৰালৈ কন্যাৰ হাততেই এটি কাপোৰৰ টোপোলা দিয়া , নিশা বিয়া কাৰ্যত উপস্থিত থাকি কন্যাৰ দেউতাক তেওঁৰ সময়ৰ ছাত্ৰজনক আঁকোৱালি ধৰি শান্তনা দিয়া আদি কাৰ্যই ছাত্ৰ – শিক্ষকৰ মাজত থকা মধুৰ সম্পৰ্ককেই সূচাইছে । এনে আন্তৰিক সম্পৰ্ক সকলো শিক্ষক ছাত্ৰৰ মাজতে থকাটো উচিত ।

২) ‘আমাৰ ছাৰ’ৰ প্ৰকৃত নাম কি ? তেওঁৰ চৰিত্ৰ বিশ্লেষণ কৰি দেখুওৱা।

উত্তৰঃ- ‘আমাৰ ছাৰ’ গল্পটিত উল্লেখ কৰা আমাৰ ছাৰৰ নাম ধৰণীধৰ বৰুৱা । এই আচল নামটো ছাত্ৰসকলৰ মাজত ব্যৱহাৰ নহয়েই । সেই অঞ্চলৰ প্ৰায় সকলোখিনি শিক্ষিত লোকৰে ছাৰ কাৰণে সকলোৱে ‘আমাৰ ছাৰ’ বুলিয়েই কয় আৰু যিকোনো লোকে  ‘আমাৰ ছাৰ’ বুলি কলে তেওঁকেই বুজিছিল । তেওঁ হৈ পৰিছিল  ‘সাৰ্বজনীন ছাৰ’ । 

এই ‘সাৰ্বজনীন ছাৰ’ তথা  ‘আমাৰ ছাৰ’ বৰ খঙাল মাষ্টৰ আছিল । ডেকা বয়সত এছিষ্টেণ্ট হেডমাষ্টাৰ হৈ থাকোতেই তেওঁ ডিচিপ্লীন ৰক্ষা কৰিবৰ কাৰণে স্কুলত অনেক নিয়ম কানুনৰ সৃষ্টি কৰিছিল , ইয়াৰ হেৰফেৰ হলেই কঠোৰ শাস্তি দিছিল , অনেকক ডিটেইন ৰাখিছিল । এইক্ষেত্ৰত তেওঁ হেডমাষ্টাৰৰো হাক বচন প্ৰায়ে নুশুনিছিল । হেডমাষ্টাৰ হোৱাৰ পিছত তেওঁ স্কুলখনৰ কাৰণে আতংকস্বৰূপ হৈ পৰিছিল । 

তেওঁৰ ভয়ত কোনো লৰা বাৰণ্ডাত থিয় দি থাকিব নোৱাৰে । পলমকৈ আহিলে ছাত্ৰ শিক্ষক কোনেও স্কুলত সোমাব নোৱাৰে । ফাইনেল বেল পৰাৰ লগে লগে ছুটিৰ ঘণ্টা নপৰালৈকে চকীদাৰৰ হতুৱাই প্ৰকাণ্ড তলাটো গেটত লগাই থয় । ছাত্ৰই মলিয়ন কাপোৰ পিন্ধি আহিলে , হোমৱৰ্ক কৰি নানিলে , কাৰোবাৰ গাত অজ্ঞাতে চিঞাহী পেলালে , লগৰ লৰাৰ লগত কাজিয়া কৰিলে , পৰীক্ষাত চুৰ কৰিলে , অফিচলৈ মতাই নি একোডজনলৈ বেতৰ কোব দিছিল । 

এনে কঠোৰ চৰিত্ৰৰ লোক হোৱা সত্ত্বেও মানুহ আৰু শিক্ষক হিচাপে ছাত্ৰসকলে তেওঁক বেয়া পোৱা নাছিল । আনকি কোনোজনে অভিভাৱকেই শিক্ষকজনৰ তেনে কামবোৰত এবাৰলৈকো আপত্তি বা প্ৰতিবাদ কৰা নাছিল । পঢ়া নোৱাৰিলে গালি পাৰিছিল বা কান চেপ দিছিল যদিও তেওঁ কিন্তু ছাত্ৰসকলক অতি মৰম আৰু সহানুভূতিৰে ছাত্ৰসকলে নোৱাৰা কথাবোৰ বাৰে বাৰে বুজাই দিবলৈ কেতিয়াও বেয়া নাপাইছিল । আনকি ছাত্ৰসকলক প্ৰায়ে দেওবাৰে তেওঁৰ ঘৰলৈ মাতি নি অংক আৰু ইংৰাজী শিকাইছিল । ইয়াৰ উপৰি তেওঁ ছাত্ৰৰ ঘৰলৈ গৈয়ো তেওঁলোকৰ পঢ়া শুনাৰ খা খবৰ লৈছিল আৰু নোৱাৰা অংক বা ইংৰাজী শিকাই দিছিল । 

অৱসৰৰ পিছতো তেওঁ তেওঁৰ ছাত্ৰসকলৰ লগত আগৰ দৰেই সম্পৰ্ক ৰক্ষা কৰিছিল । পূৰনি ছাত্ৰসকলক লগ পালে সেই তাহানিৰ ছাত্ৰ বুলিয়েই তেওঁ গণ্য কৰিছিল  আৰু আন্তৰিক তাপূৰ্ণ কথা বতৰা পতাৰ লগতে  দাবি ধমকনিও দিছিল । মুখত কঠোৰ হলেও তেওঁৰ অন্তৰখন আছিল অতি কোমল আৰু সহানুভূতিৰে পৰিপূৰ্ণ পয়সত্তৰ বছৰ সময়তো তেওঁৰ  ছাত্ৰ এজনৰ জীয়েকৰ বিয়ালৈ আহি কন্যাক সোণৰ আঙঠি আৰু দৰালৈ বুলি কন্যাৰ হাততে কাপোৰৰ এটি টোপোলা যাচি তেওঁৰ আন্তৰিকতা আৰু উদাৰতাৰ পৰচয় দিছে  । আনকি জীয়েকক উলিয়াই দিয়াৰ বেদনাত কান্দিবলৈ ধৰা তেওঁৰ ছাত্ৰ পদ্মেশ্বৰক আঁকোৱালি ধৰি নিজেও চকু সেমেকাই শান্তৱনা দিয়া দৃশ্যই সকলোৰে অন্তৰ গলাই তুলিছে। 

এই বৈচিত্ৰ্যপূৰ্ণ চৰিত্ৰৰ ব্যক্তি এইজনা আমাৰ ছাৰ , যি আছিল সকলো কামতে পৰিপাটি শৃংখলাবদ্ধ , নিজ কৰ্তব্যত কঠোৰ অথচ এক উদাৰ , কোমল অন্তৰৰ , ৰসিক , সহানুভূতিশীল ব্যক্তি । এনে চৰিত্ৰৰ লোক খুব কমেইহে পোৱা যায় ।

৩) ‘আমাৰ ছাৰ’ গল্পটিত উল্লেখ কৰা বিয়াখন কাৰ আছিল ? ছাৰ বিয়াঘৰত উপস্থিত হওঁতে কোনে , কেনেদৰে তেওঁক আদৰণি জনাইছিল বুজাই লিখা ।

উত্তৰঃ- ‘আমাৰ ছাৰ’  গল্পটিত উল্লেখ কৰা বিয়াখন আছিল পদ্মেশ্বৰ ডাঙৰ ছোৱালী মিনুৰ । 

পদ্মেশ্বৰৰ ঘৰৰ সন্মুখত পতা ৰভাতলিত পদ্মেশ্বৰ আৰু লেখককে ধৰি অন্যান্য সকলৰ মাজত ছাৰ যেতিয়া উপস্থিত হলহি , তেতিয়া লেখকে , তেওঁৰ সংগীসকলৰ সৈতে কেউটাই উৰি যোৱাদি গৈ তেখেতক আগবঢ়াই আনিলেগৈ । লেখকে চাইকেলখন ধৰি একাষে থলে । হেমন্ত বোলাজনে হাত দুখন মোহাৰি মোহাৰি বহা ঠাইলৈ আগবঢ়াই নিলে । নগেন বোলা জনে লৰ মাৰি গৈ ডাঙৰ কাঠৰ চকী এখন হাতেৰে মোহাৰি মোহাৰি চিঞৰিলে  ‘আহক ছাৰ’ , ইয়ালৈ ছাৰ ।’ ছাৰেও তেওঁলোকৰ সম্ভাষণ অকাতৰে গ্ৰহণ কৰি  ‘ৰ’ৰ , বৰ বেছি গোলমাল নকৰিবি’ বুলি কৈ কৈ নগেনে নিৰ্দিষ্ট কৰি দিয়া চকীখনত গাটো পেলাই দিলে ।

আনহাতে মনোৰঞ্জন হাজৰা নামৰ টেঙৰ প্ৰাক্তন ছাত্ৰ এজনে কৰবাৰ পৰা বিচনী এখন বিচাৰি আনি পাছফালৰ পৰা ছাৰক বিচিবলৈ ধৰিলে।ছাৰৰ গৰম লাগি আছিল । মনোৰঞ্জন হাজৰাৰ এই কাৰ্যত ছাৰে বৰ সন্তোষ প্ৰকাশ কৰি তেওঁক শলাগিলে ।

এনেকৈয়ে ছাৰক তেখেতৰ প্ৰাক্তন ছাত্ৰকেইজনে বিয়া ঘৰত আদৰণি জনাইছিল ।

৪) পদ্মেশ্বৰৰ দুষ্টালি আৰু গুণৰ কথা  ‘আমাৰ ছাৰ’ গল্পটিত কেনেদৰে বৰ্ণনা কৰিছে , বুজাই লিখা ।

উত্তৰঃ- ছাত্ৰৱস্থাত পদ্মেশ্বৰ আছিল অতি উৎপতিয়া লৰা । তেওঁৰ নেতৃত্বতেই লেখককে আদি কৰি লগৰীয়াসকলে স্কুলত বহুত উৎপাতেই কৰিছিল । এবাৰ মেটিনি চাবলৈ স্কুলৰ পৰা লেইজাৰত পলাই গৈ পদ্মেশ্বৰৰ প্ৰস্তাৱ মতেই তেওঁলোক চিনেমা হল পালেগৈ । পদ্মেশ্বৰ আৰু বাকীকেইজন একেলগে একেখন বেঞ্চতে বহে । বেঞ্চখন যাতে খালি হৈ নাথাকে তাৰ কাৰণে পদ্মেশ্বৰে আন কেইজনমান লৰাক সেইখন বেঞ্চত বহিবলৈ কৈ আহিছিল । কিন্তু তেওঁলোকৰ ছাৰৰ চকুত তেওঁলোক যে উপস্থিত নাই এই কথা ধৰা পৰিল । পিছদিনা প্ৰথম ঘণ্টাতে ডাক পৰিল।ছাৰে প্ৰত্যেককেই হাতত ছটাকৈ পূৰ্ণহতীয়া কোব সোধালে । তাৰ পিছত গোটেই দিনটো বেঞ্চৰ ওপৰত থিয় কৰাই থোৱালে । তদুপৰি ঘৰলৈকে ৰিপৰ্ট অহাত গধূলি আকৌ গালি । বেজাৰতে দুদিনমান স্কুললৈ যোৱাটো দেখুৱাই আন কৰবাত থাকি স্কুলত অনুপস্থিত থাকিল । পিছত স্কুললৈ যোৱাত তেওঁলোকক ডিটেইন ৰাখি ছাৰে শাস্তিৰ সলনি ট্ৰেন্সলেচন শিকাইছিল ।

আন এবাৰ বছৰেকীয়া পৰীক্ষাত পদ্মেশ্বৰে হলৰ ভিতৰতে বিকট শব্দ কৰা ফটকা এটা ফুটাই দি হুলস্থূলৰ সৃষ্টি কৰিলে  । পৰীক্ষা পিছুৱাই দিবলৈ পদ্মেশ্বৰৰ নেতৃত্বত আন্দোলন কৰিছিল । ছাৰে বেত লৈ আটাইকে গৰু খেদা দিলে । ইতিমধ্যে প্ৰশ্ন কাকত বিতৰণ হোৱাত এবেলাৰ পৰীক্ষা বাতিল কৰিবলগীয়া হল । পদ্মেশ্বৰে যে ফটকাটো ফুটাইছিল কোনো ছাত্ৰ বা শিক্ষকেই জানিব নোৱাৰিলে । গতিকে পদ্মেশ্বৰে শাস্তিও খাব লগা নহল ।

পদ্মেশ্বৰৰ এনেকুৱা উৎপাদ আৰু দুষ্টালিৰ উদাহৰণ বহুত আছে । ছাৰে ডিছিপ্লীন ৰক্ষা কৰিবলৈ যিমানেই কঠোৰ ব্যৱস্থা অৱলম্বন কৰে সিমানেই পদ্মেশ্বৰে চেষ্টা কৰে সেইবোৰ ভংগ কৰিবলৈ । কতবাৰ ছাৰে তেওঁক স্কুলৰ পৰা বাহিৰ কৰি দিম বুলিও ছাৰে তেনে কঠোৰ শাস্তি শেষত দিব নোৱাৰিছিল । কাৰণ দুষ্টালিৰ লগে লগে পদ্মেশ্বৰৰ বহুতো গুণো আছিল । তেওঁ আছিল স্কুল টিমৰ বেষ্ট ফুটবলাৰ , টুৰ্ণামেণ্টতো দুই এটা পুৰস্কাৰ তেওঁ আনিবলৈ । এইবাৰ এজন নতুন অভিভাৱকে পুতেকক বেতোৱা বাবে ছাৰক বৰ অপমান কৰিলে । ছাৰে মানুহজনক বাহিৰ কৰি দিলে , কিন্তু  ‘আমাৰ ছাৰ’ক এনেকুৱা কৰে বুলি পদ্মেশ্বৰে ভদ্ৰলোকৰ জীৱন এনেধৰনে দুৰ্বহ কৰি তুলিলে যে শেষত ছাৰে গৈ তেওঁক বিৰত কৰিব লগা হলগৈ । আনহাতে পাছ কৰিব পৰাকৈ যথেষ্ট বুদ্ধি বৃত্তি থকা বাবেও পদ্মেশ্বৰক শিক্ষকসকলে মৰম কৰিছিল ।

৫) ‘মাক বাপেকৰ মানত লৰা ছোৱালী সদায়েই সৰু হৈ থাকে অ’ । মই জানো তহঁতক তাহানিখনৰ দৰেই দেখি থকা নাই ? ‘–কোনে , কি প্ৰসংগত এই কথাখিনি কৈছিল , আতি গুৰি মাৰি বুজাই লিখা ।

উত্তৰঃ- পদ্মেশ্বৰৰ জীয়েক মিনুৱে কইনা সাজেৰে আহি দেউতাকৰ কথা মতে ছাৰক সেৱা কৰাত পদ্মেশ্বৰে যেতিয়া কলে –  ‘তাই একো নাজানে ছাৰ । নিচেই সৰু হৈ আছে ।’ – তেতিয়া ছাৰে মিনুক তুলি ধৰি এই তাৎপৰ্যপূৰ্ণ কথাখিনি কৈছিল ।

পদ্মেশ্বৰৰ নিমন্ত্ৰণক্ৰমে তেওঁৰ এসময়ৰ ছাৰ অৱসৰপ্ৰাপ্ত শিক্ষক ধৰণীধৰ বৰুৱা পদ্মেশ্বৰৰ জীয়াৰী মিনুৰ বিয়াত উপস্থিত হৈছিল । তেওঁৰ প্ৰাক্তন ছাত্ৰ আৰু পদ্মেশ্বৰৰ বন্ধু কেইজনমান তাত উপস্থিত আছিল আৰু তেওঁলোকেই ছাৰক আন্তৰিকতাৰে আদৰণি জনাই জা জলপান আদি খুৱাই বুৱাই নানান বতৰাৰে কপ্যায়ন কৰিলে । পদ্মেশ্বৰেও আহি তেওঁৰ এসময়ৰ ছাৰক পাই ভৰিত চুই সেৱা কৰিলে আৰু নিজৰ কইনা সাঁজত থকা জীয়াৰী মিনুৰ লগত সাক্ষাৎ কৰিলে । মিনুৱে দেউতাকৰ কথা মতে ছাৰক সেৱা কৰিলে । ছাৰেও মিনুক তুলি ধৰিলে । তেতিয়া পদ্মেশ্বৰে অতি বিনয়েৰে কলে – ‘তাই একো নাজানে ছাৰ । নিচেই সৰু হৈ আছে ।’ 

ছাৰে হঠাতে জেপৰ পৰা নতুন সোণৰ আঙঠি এটা উলিয়াই মিনুক পিন্ধাই কলে – মাক – বাপেকৰ মানত লৰা ছোৱালী সদায়ে সৰু হৈ থাকে অ’ । মই জানো তহঁতক তাহানিখনৰ দৰেই দেখি থকা নাই ?’

নিজৰ সন্তানৰ যিমান বয়সেই বা অভিজ্ঞতাই নহওক কিয় মাক বাপেকে সদায় সৰু হৈ থকা আৰু একো নজনা বুলিয়েই ভাবি থাকে । আনহাতে শিক্ষকসকলৰ মনতো নিজৰ প্ৰাক্তন ছাত্ৰসকল যিমানেই ডাঙৰ চাকৰিয়াল অথবা বয়সৰ নহওক কিয় সদায় স্কুলত লগ পোৱা ছাত্ৰ যেনেই অনুভৱ কৰে । সন্তানৰ লগত পিতৃ মাতৃৰ আৰু ছাত্ৰ ছাত্ৰীৰ লগত শিক্ষকৰ আন্তৰিক মৰম – চেনেহৰ সম্পৰ্কৰ কাৰণেই এনে মনোভাৱৰ উদয় হয় । 

৬) বিয়া ঘৰত ছাৰ তদাৰকী আৰু কইনা উলিয়াই দিয়াৰ সময়ত পদ্মেশ্বৰক ছাৰে দিয়া সান্তনাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ।

উত্তৰঃ- আটায়ে কোৱাত আৰু কইনা পিতৃ পদ্মেশ্বৰেও অনুৰোধ কৰাত ছাৰে একেবাৰে বিয়াখন চাই যাবলৈকেই থাকি গল । 

বিয়াৰ কাম ইতিমধ্যে লাহে লাহে আগুৱাবলৈ ধৰিলে ।  মাজে মাজে আহি বহি থকা ঠাইত আটায়ে ছাৰৰ খা খবৰ লৈ থাকিব । পদ্মেশ্বৰৰ ঘৈণীয়েকে নানা কামৰ মাজতো আহি ছাৰক  ‘চাহ একাপ খাব নেকি’  সুধি গল । ইতিমধ্যে দৰাও আহি পালে । চাৰিওফালে দৰা আদৰাৰ লৰা ঢপৰা আৰম্ভ হল । এইবাৰ ছাৰে উঠি গৈ নিজৰ অজ্ঞাতেই কাম পৰিচালনা কৰিব ধৰিলে । চেমনীয়া লৰাহতক ডবিয়াই কলে  ‘অ’ই  চকুত চাউল নামাৰিবি , গাত মাৰ ।’ বাকীবোৰক ভিতৰৰ ৰভাত মানুহ বহাবলৈ কলে । পানী তুলিবলৈ যোৱা আইসকলক মানুহ ঠেলি ঠেলি নিজে বাট উলিয়াই দিলে । নগেন আৰু হাজৰা বোলা তেওঁৰ প্ৰাক্তন ছাত্ৰ দুজনক দৰাঘৰীয়া মানুহৰ ভাত পানী ৰন্ধাৰ তদাৰক কৰিবলৈ দিলে । 

বিয়াৰ আনুষ্ঠানিক কাম আৰম্ভ হোৱাত পদ্মেশ্বৰৰ অনুৰোধ মৰ্মে ছাৰ হোমৰ গুৰিত পদ্মেশ্বৰৰ ওচৰতে বহি থাকিল । কিন্তু তাৰ পৰাও তেওঁ প্ৰাক্তন ছাত্ৰকেইজনক আঙুলি , চকুৰ ঠাৰ আদিৰে ইংগিত কৰি কৰি দৰাঘৰীয়াসকলক জলপান খুৱাবলৈ নিৰ্দেশ দি থাকিল । আনকি জলপান খাই আহি কোনে তামোল পোৱা নাই তাৰ প্ৰতিও ছাৰে চকু ৰাখিলে । এই কঠোৰ নিয়মানুৱৰ্তী শিক্ষক তলৰ নিৰ্ভুল , নিখুঁত তদাৰকতা দেখি সকলোৱে অবাক হৈছিল ।

অৱশেষত এটা সময়ত বিয়াৰ কাম শেষ হল । হোমৰ  গুৰিৰ পৰা উঠি আহোঁতে হঠাৎ পদ্মেশ্বৰৰ চকুত পানী দেখি আটাইৰে মনবোৰ সেমেকি উঠিছিল । পদ্মেশ্বৰে  ‘ছাৰ’ বুলি ফেঁকুৰি উঠিল । 

ছাৰে পদ্মেশ্বৰক গাত ধৰি ভিতৰলৈ নিলে । একেবাৰে ভিতৰলৈ নগৈ কাষৰে এটা কোঠালিত ৰৈ পদ্মেশ্বৰে হুকহুকাই কান্দিবলৈ ধৰিলে । ছাৰে দুহাতেৰে ধৰি পদ্মেশ্বৰক ধমকৰ সুৰত কবলৈ ধৰিলে  ‘অই পদ্মেশ্বৰ ! তোৰ হৈছে কি ? তই কেলেই কান্দিছ ?’ 

পদ্মেশ্বৰে উচুপি উচুপি কবলৈ ধৰিলে  ‘তাই বৰ সৰু ছোৱালী ছাৰ । তাই একো নাজানে ।’ 

ছাৰেও ওঁঠ দুটা কামুৰি ধৰিলে । পদ্মেশ্বৰৰ পিঠিত তেওঁ হাত বুলাই সান্তনাৰ সুৰত কলে – ‘মই এজনী এজনীকৈ চাৰিজনী ছোৱালী উলিয়াই দিছোঁ পদ্মেশ্বৰ । এবাৰ মোৰ কথা ভাবি চা । তোৰ মিনু আজিৰ পৰা ডাঙৰ হল ।’

এইদৰেই ছাৰে বেয়া ঘৰত থাকি তদাৰকী কৰাৰ উপৰি কান্দোনৰত কইনাৰ পিতৃ পদ্মেশ্বৰক সান্তনা দিবলৈ চেষ্টা কৰিছিল ।



৭) অতি চমু উত্তৰ দিয়া :-

ক) যোগেশ দাস কি কি কামত আলোচনীৰ কেনেদৰে সম্পাদনাৰ কামত জড়িত আছিল ?

উত্তৰঃ- ‘নতুন অসমীয়া’ কাকতৰ উপসম্পাদক , ‘দৈনিক অসম’ কাকতৰ সহকাৰী প্ৰধান সম্পাদক , ‘প্ৰহৰী’ আৰু  ‘অধিনায়ক’ আলোচনীৰ সম্পাদক হিচাপে জড়িত আছিল । 

খ) যোগেশ দাসে কোন চনত কি গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ?

উত্তৰঃ- ১৯৮০ চনত তেওঁৰ গল্প সংকলন  ‘পৃথিৱীৰ অসুখ’  গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ।

গ) যোগেশ দাসে কোন চনত অসম সাহিত্য সভাৰ কোন অধিবেশনত সভাপতিত্ব কৰিছিল ।

উত্তৰঃ- ১৯৮৫  চনত বিহুপুৰীয়াত অনুষ্ঠিত একপঞ্চাশতম অধিৱেশনত সভাপতিত্ব কৰিছিল ।

ঘ) যোগেশ দাসৰ এখন উপন্যাসৰ নাম লিখা । 

উত্তৰঃ- ‘ডাৱৰ আৰু নাই’ ।

ঙ) যোগেশ দাসৰ এখন গল্প পুথিৰ নাম লিখা ।

উত্তৰঃ- ‘পৃথিৱীৰ অসুখ’  ।

চ) ‘আমাৰ ছাৰ’জনৰ আচল নাম কি ?

উত্তৰঃ- ধৰণীধৰ বৰুৱা ।

ছ) ‘আমাৰ ছাৰ’ গল্পটিৰ লেখক কোন ?

উত্তৰঃ- যোগেশ দাস । 

জ) স্কুলৰ চকীদাৰ জনৰ নাক কি ?

উত্তৰঃ- ধৰণী । 

ঝ) নোমটেঙৰ বঙালী’  বুলি ফুৰ্তিতে কাক জোকাইছিল ?

উত্তৰঃ- মনোৰঞ্জন হাজৰাক ।

ঞ) কইনাজনীৰ নাম কি আছিল ?

উত্তৰঃ- মিনু । 

ট) ছাৰে কইনা জনীক কি উপহাৰ দিছিল ?

উত্তৰঃ- এটি সোণৰ আঙুঠি ।

ড) ছাৰৰ বয়স কিমান হোৱা বুলি কৈছিল ?

উত্তৰঃ- ৭৫ বছৰ ।

ঢ) ‘ধঁপাতেই যদি নেখালি , তেন্তে কিহৰ তামোল খালি ?’ – কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ- ছাৰে কৈছিল ।

ণ) ‘আগতে পাওঁতে শিলৰ মাজতে লুকাই তগকা সোণৰ চেঁকুৰা অচিক।’ বুলি ছাৰে কাৰ কথা কৈছে ?

উত্তৰঃ – তেওঁৰ প্ৰাক্তন ছাত্ৰ হেমন্তৰ কথা ।

ত) ‘মই জানো তহঁতক তাহানিখনৰ দৰেই দেখি থকা নাই ।’ ― কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ- ছাৰে প্রাক্তব ছাত্ৰ কেইজনমানক কৈছিল । 

থ) ‘মিনু-ৰ  দৰাজনে কি কাম কৰিছিল ?

উত্তৰঃ- কলেজৰ লেকচাৰাৰ কাম কৰিছিল । 

দ) বিয়াখন চাই যাবলৈ ছাৰক প্ৰথমে কোনে প্ৰস্তাৱ দিছিল ।

উত্তৰঃ- হেমন্তই । 

ধ) ছাৰৰ চাইকেলখন ছাৰে কব নোৱাৰাকৈ ঘৰত নি কোনে থৈ আহিছিলগৈ ? 

উত্তৰঃ- মনোৰঞ্জন হাজৰা বোলা প্রাক্তক  ছাত্ৰজনে ।

ন) ডাৱৰ আৰু নাই গ্ৰন্থখন কাৰ ৰচনা ?

উত্তৰঃ- যোগেশ দাসৰ ৰচনা ।

প) ‘পৃথিৱীৰ অসুখ’ কোন শ্ৰেণীৰ গ্ৰন্থ ?

উত্তৰঃ- গল্প সংকলন শ্ৰেণীৰ ।

৮)  বুজাই লিখা ।

ক) ‘তোৰ মিনু আজিৰ পৰা ডাঙৰ হল ।’ – কথাষাৰ কি বুজাইছে ? 

উত্তৰঃ- লৰা ছোৱালী পিতৃ মাতৃৰ মনত সদায় সৰু হৈয়ে থাকে , কিয়নো বিয়া বাৰু নোহোৱা পৰ্যন্ত ঘৰুৱা কাম বন বা অন্যান্য কামৰ প্ৰতি সিহঁতৰ দায়িত্ববোধ কম হৈ থাকে । সিহঁতৰ দায় দায়িত্ব প্ৰায়ে পিতৃ মাতৃয়েই মূৰ পাতি লয় কাৰণে সিহঁতে দায়িত্ববোধ কমকৈ অনুভৱ কৰে আৰু হৈ থকা যেন পায় । কিন্তু বিয়াৰ পিছত সংসাৰৰ দায়িত্ব বাঢ়ে আৰু ডাঙৰৰ দৰে সকলো কামতে আগভাগ লবলগীয়া হয় ।

মিনুও বিয়া নোহোৱা পৰ্যন্ত দেউতাক পদ্মেশ্বৰৰ মনত নিচেই সৰু ছোৱালী আৰু একো নজনা হৈ আছিল । বিয়াৰ দিনাৰ পৰা যে তাই সংসাৰৰ দায়িত্ব লবলগীয়া হল আৰু ডাঙৰৰ দৰে ঘৰ সংসাৰ চম্ভালিবলগীয়া হল – এই কথাকে ‘তোৰ মিনু আজিৰ পৰা ডাঙৰ হল’ – কথাষাৰে বুজাইছে । 

) ‘আমি একো নকৈ মাত্ৰ সেই অপূৰ্ব দৃশ্যটো চাই থাকিলোঁ ।’ – সেই অপূৰ্ব দৃশ্যটো কি আছিল ? 

উত্তৰঃ- পদ্মেশ্বৰ জীয়ৰী মিনুক উলিয়াই দিয়াৰ বেদনাত ছাৰক সাবটি ধৰি উচুপি উচুপি যেতিয়া কবলৈ ধৰিলে – ‘তাই বৰ সৰু ছোৱালী ছাৰ। তাই একোকে নাজানে । তেতিয়া ছাৰেও ৰব নোৱাৰি ওঁঠ দুটা কামুৰি ধৰিলে । পদ্মেশ্বৰৰ পিঠিত হাত বুলাই বুলাই ছাৰে থোকাথুকি মতেৰে কলে ‘মই এজনী এজনীকৈ চাৰিজনী ছোৱালী উলিয়াই দিছোঁ পদ্মেশ্বৰ ! এবাৰ মোৰ কথা ভাবি চা । তোৰ মিনু আজিৰ পৰা ডাঙৰ হল ।’ 

এই অতি কৰুণ আৰু অপূৰ্ব দৃশ্যটোকেই লেখক আৰু আন সকলে চাই আছিল ।

গ) ‘সেইবোৰ কৰিবিতো তহঁতক মই – মই ঠিক কৰি দিম ।’ – কোনে এনেদৰে কৈছিল ? তেওঁ এনেদৰে কোৱাৰ কাৰণ কি ?

উত্তৰঃ- আমাৰ ছাৰে এনেদৰে কৈছিল । বিয়া ঘৰত থোৱা ঠাইত আমাৰ ছাৰৰ চাইকেলখন নেদেখি কোনোবা চোৰে চাইকেলখন যদি নিয়ে তাৰ জান মাৰি দিব বুলি হেমন্তই যেতিয়া দম্ভ মাৰি কলে তেতিয়া সেইবোৰ কৰিলে চোৰে সিহঁতক ঠিক কৰি দিব বুলি ধমকনি দি তেনে কাম নকৰিবলৈ সাৱধান কৰি দিলে । 

ঘ) ‘চাঞ্চটো ললোঁ , বেয়া নাপাবি ।’ – সংলাপ ফাঁকিৰ বক্তা কোন ? তেওঁ কি  ‘চাঞ্চ’ লোৱাৰ কথা কৈছে ?

উত্তৰঃ- বক্তাজন হল মনোৰঞ্জন হাজৰা । বিয়াঘৰত উপস্থিত হোৱা ছাৰক কাৰেণ্ট নথকাৰ কাৰণে হাজৰাই বিচনীৰে বিচি তেওঁক ভাল লগোৱাৰ ‘চাঞ্চ’ লোৱা বুলি কৈছে ?

****